" ব্ৰজনিনাদ গৰ্জন"
মোৰ ঠিকনা কি
মই নাজানো,
জীৱনৰ দীঘলীয়া বাটত
নাহৰৰ নিৰিবিলি ছাঁত
তুমি নামৰ অস্তিত্বত
বিচাৰি পাওঁ মোৰ চেতনা,
তোমাৰ দুচকুত দুচকু থৈ
জোন জনীৰ পোহৰ
পি খাইছিলোঁ মই
মাতাল হৈ আঁকিছিলো সপোন
নৈশ বাসনাৰ অব্যক্ত স্বীকাৰোক্তিৰ,
নিসংগতাক নেঁওচি
তোমাৰ ঝংকাৰিত আগমনত
কঁপি উঠে আকাশ বতাহ
প্লাবিত হয় বুঢ়া লুইত,
নৈৰ এচলু পানীৰে
মোৰ ভাল পোৱা নোজোঁখিবা
তোমাৰ প্ৰেমত মই মহাসাগৰত নাবিক,
একাজলি স্নিগ্ধ জোনাকেৰে
তিয়াই নিচে মোৰ তোমাৰ বাবে কম্পিত চেতনা
বাৰিষাৰ বৰষুণত তিতিছা কিয় !
মোৰ দুচকুলৈ চোৱা
নি:স্বাৰ্থতাক সাৱতি
কেৱল তোমাৰ বাবে বসন্ত আহিছে বাগৰি
ধুমুহাও ৰৈছে থমকি ,
অস্তমিত সূৰুজক বকুলৰ ফেৰেঙনিৰে
দুয়োৱে চাম
চিৰশ্বাৱত প্ৰেমৰ
মায়াবি সুৰ আঁওৰাম,
তোমাৰ কিছু ৰঙনি প্ৰসংগত
প্ৰাণস্পন্দন হৈ পৰিব
মোৰ নিকৃষ্ট জীৱন
তোমাৰ স্বৰ্ণালী দুভৰিৰ স্পৰ্শত
কল্পনাবিলাসী হয় মোৰ মন
তোমাৰ......
কিছু আৱেগিক আকৰ্ষণ
কাজলাবৃত দুচকুত
ঝাওবনৰ ৰিবৰিব বতাহত
ফটিকাত আৱদ্ধ দিঠকে
কুৰুকী কুৰুকী বাহ লৈছেহি
মোৰ বুকুৰ চৰাঘৰত,
কিন্তু...
কংলৰ পাৰলে সন্ধ্যা নামিলেই
খৰিকাজাইৰ সুৱাহত
সাৰুৱা হয় মোৰ একঠা হৃদয়
আৰু...
আজন্ম প্ৰেমিক মই কাহানিও নাছিলোঁ
তোমাৰ আস্ফালিত হৃদয়ৰ
কম্পিত ধ্বনিত জৰ্জৰিত
মই আজি তুমি হ'লো
সময় ডায়েৰিৰ পাত লুতিয়াই চালোঁ,
স্মৃতিৰ বালিয়া বাটত
এখোঁজ এখোঁজ কৈ
দিনবোৰ বছৰ কৰিলোঁ
বহু দূৰ বাট বাকী
ৰঙীন পৃথিৱীৰ ৰঙবোৰৰ সৈতে খেলিবলৈ
তুমি আৰু মই একাত্ম হৈ
চিৰশ্বাশ্বত প্ৰেমৰ আভা আঁকিবলৈ,
আচলতে কি জানা !
আজুৰি আনি পান কৰিবলৈ মন যায় মোৰ
খিৰকীৰ সিপাৰৰ এপিয়ল জোনাক
ৰূপালী জোন জনীৰ ৰগীত
মাতাল হ'ম মই
মাতাল হ'বলৈও যে
এটা অজুহাত লাগে,
প্ৰায়ে এটা সপোনে মোক শুবলৈ নিদিয়ে
সেই সপোনৰ পিঠিত উঠি
মোৰ অবিনাশী যাত্ৰা
দূৰ দিগন্তৰ মায়াৱী আভালৈ,
তাতে তোমাৰ মিঠা হাঁহিৰ মৃদু স্পদন;
প্ৰিয়তমা
সপোন বোৰ ঠুনুকা বুলি মই জানিছিলোঁ
তুমি তাকেই প্ৰমাণ কৰিলা !
তোমাৰ সৈতে প্ৰেমৰ সাঁথৰ ভঙা
মোৰ মনত আছা জানা!
কিন্তু তুমিয়েইটো আজি সাথঁৰ
নুচোৱা নুবুজা ভীষণ ক্লেদাক্ত সাথঁৰ,
প্ৰিয়তমা
বহু বাৰ আঁৱৰাইছোঁ ভাল পোৱাৰ কবিতা
বাইকৰ গতি মন্থৰ কৰি
আলেঙে আলেঙে বহু বাৰ
অনুসৰণ কৰিছো তোমাক,
অ' আৰু এটা কথা কি জানা
মই তোমাক কি বুলি মাতিম, নাজানিছিলোঁ
ফাগুনী জনীয়ে হে কাণে কাণে আহি ক'লে তুমি হেনো জননী,
প্ৰিয়তমা
আমি আত্মা চিনি পাইছিলোঁ, নহয়নে?
তুমি মই আমি হোৱাৰ সপোন দেখিছিলোঁ
তুমি বেয়া পোৱা বুলিয়েই
অখাদ্য এৰিছিলোঁ,
পাহাৰৰ সেউজীয়া
সাগৰ আৰু আকাশৰ নীলা
আঘোনৰ সোনোৱালী আভাৰে
তুমি তুমি লগা মায়াবি সন্ধ্যা
প্ৰেমৰ কাৰেঙত আশাৰ থাপনা সাজিছিলোঁ,
এদিন হঠাৎ....
হঠাৎ ধুমুহা আহিল
তচ নচ কৰিল গ'ল মোৰ অস্তিত্বক
নুমুৱাই থৈ গ'ল থাপনাৰ চাকি
পাহাৰ আকাশ সাগৰ
আজি ক'লা,
ৰং বিহীন সময়, আত্মা বিহীন মই
তোমাৰ কপালত আনৰ নামত
জিপাল হৈছে দগমগ কৈ সূৰুয,
মোৰ দোষ কি আছিল
আজিও নাজানো
মৰাশ এতিয়া মই
নাজানো কি অজুহাত লৈ তুমি গ'লাগৈ!
কোনো দূৰ দিগন্তলৈ
ব্ৰহ্মা আদি প্ৰতিধ্বনিত কৰি
ভীষন অহংকাৰীঝঙঙ হৈ
তুমি গ'লগৈ,
কিন্তু এই অজুহাতে
মোক দহিছে বাৰে বাৰে
মই ক্লান্ত
মই শ্ৰান্ত,
উমি উমি জ্বলিছো আজি
তুমি নামৰ জুইত,
জ্বলাবলৈয়ে যদি বিচাৰিছিলা
সপোন আঁকিছিলা কিয়!
সপোন বোৰ ৰঙীণ কৰিছিলা কিয়!
আৰু
প্ৰেমৰ কাৰেঙত আশাৰ থাপনা?
আজিকালি মদ খাও
তোমালৈ মনত পৰিলেই
চিগাৰেটৰ ধোৱাঁত আঁক বাঁক কৰোঁ
তুমি বেয়া পোৱা প্ৰতিটো কামেই কৰোঁ
তথাপিও
তথাপিও ছাল্লা তুমি মায়াবি হৈ
মোকেই জ্বলোৱা ।
প্ৰিয়তমা
মোৰ মৃত্যুৱেই যদি তোমাৰ কাম্য আছিল
নক'লা কিয়?
সাত যাপ কাঠৰ মাজত নিজেই শুই
নিজেই জুই দি
তোমাক সুখী কৰিলোঁ হেতেন;
মোৰ প্ৰেমে পোখা মেলি বৰগছ হৈছিল জানা
যাৰ ছাঁ তুমি বিশ্বাসেৰে জীয়াব পাৰিলা হেতেন
কিন্তু তোমাৰ.....
তোমাৰ দেখোন প্ৰেমৰ অপমৃত্যু হ'ল
অৱহেলিত হ'ল মোৰ প্ৰেম,
ভালপোৱা আৰু বিশ্বাসৰ
মাজনিশা মোৰ মনৰ ভাৱনাত
যতি পৰিল প্ৰেমৰ আস্ফালনৰ,
সৰি পৰিল হৃদয়ৰ ৰক্ত জৱা
ক্লেদাক্ত হ'ল বিশ্বাসৰ পৱিত্ৰতা
তোমাক লৈ আঁকি থোৱা কেনভাচখনো উকা,
কিয় আঁতৰি গ'লা নাজানো!
নাজানো কিয় সুৰাৰ মায়াত ডুবিবলৈ দিলা
চিগাৰেটৰ ধূঁৱাত জীৱনৰ স্পন্দন স্তব্ধ কৰিলা
প্ৰতাৰনৰ মালাৰে
ৰ'দৰ বৰষুন হৈ
তিয়াই নিলা মোক;
আৰু....
এতিয়া নিশা যিমানেই গভীৰ হয়
মই উজাগৰে থাকি ভাল পাওঁ
নিসংগতা দূৰ কৰে এন্ধাৰে
নিশাৰ এন্ধাৰো সদায় নিসংগ
আৰু মইয়ো........
এন্ধাৰ মোৰ আৰু মই এন্ধাৰৰ
হৃদস্পদন হৈ জীৱনৰ বিশ্লেষন কৰোঁ,
বাৰে বাৰে কৈছিলো তোমাক
স্মৃতিৰ বালিচৰত
মৰিচিকা নেখেদিবা,
কষ্ট পাবা ।
নিশাৰ আকাশৰ
তৰা হিচাপ কৰিব পাৰিবা জানো!
আচল কথা কি জানা
ভাল পোৱা স্মৃতি নহয়
ভাল পোৱা বৰ্তমান,
তুমি কান্দিবা মই চকুপানী হৈ বৈ আহিম,
তুমি বান্ধৱীৰ সৈতে
জাকৈয়া হাঁহিৰ জোৱাৰ তুলিবা
মই তোমাৰ খিলখিলনি হ'ম ,
তুমি .........
মোক বৌধিৰ কৰি পেলোৱা তুমি,
তোমাৰ সেই স্মৃতিৰ ভাষা
মই শুনিব নোৱাৰোঁ,
তুমি পুৰণিক লৈ নাচোৰ বান্দা
মই নতুনকলৈ উৎসাহি,
তুমি মৃত নদীৰ পাৰত
মাছৰ উজানৰ আশা কৰিছা
মই সাগৰৰ বুকত
তোমাকলৈ সপোন ৰচিছোঁ,
তুমি অমাৱশ্যাৰ আকাশত
তৰাৰ পোহৰ বিচাৰিচা
মই পূৰ্ণিমাৰ জোন জনী
তোমালৈ বুলি লৈ ৰৈ আছোঁ,
তুমি.....
আৰু মই.......
আকৌ কঁও
স্মৃতিৰ বালিচৰত
মৰিচিকা নেখেদিবা
আন্দোলিত আকাশত সূৰুযক বিচাৰি
মেঘৰ স্বাভিমানক আঘাত নাসানিবা;
এতিয়াৰ পৰা
তুঁহ জুইৰ দৰে উমি উমি জ্বলিব
মোৰ হৃদয়ৰ প্ৰেমৰ ফিল'চফি
টোপাল টোপাল কৈ নিয়ৰ সৰিব
মোৰ তেজাল আস্ফালনৰ শোণিত কুঁৱৰী,
নাজানো প্ৰেম কি !
কোনো পাৰ্কৰ এন্ধাৰ এচুক
নে, তোমাৰ কোমল ওঁঠত মোৰ ওঁঠ,
তোমাৰ শিৰত মোৰ সেন্দুৰ
নে, মই বুজাব নোৱাৰ অনুভূতি বোৰ,
কি নো প্ৰেম !
ফেমেলি ষ্টেটাছ নে জাত
তুমিওটো নুবুজা নহয়, প্ৰেম কি!
প্ৰেমৰ হিষ্ট্ৰী, ইক'নমিকচ, লজীক
আৰু............
আজিও নুবুজিলো তোমাক
জীৱন পাশা খেলৰ
চেঁকুৰি ফুৰা কড়ি,
এবাৰ তুমি এবাৰ তেওঁ
হাতৰ মুঠিত মোহাৰি দলিয়াইছা
বগাই গৈছা এঢ়াপ এঢ়াপ কৈ
আৰু মই.......
নিগৰি নিগৰি বৈ অহা সময়ৰ ইতিকিংত
মোৰ বিবেকত অাজি অগ্নোপাত
ৰক্তাৰক্তি আৰু মানসিক কূটাঘাত,
বাৰে বাৰে সময়ে মোক হাঁহে
নাজানো কিয়!
তোমালোক আচলতে তেজপিয়া
শুহি শুহি তেজ খোৱা তোমালোকে
ভালপোৱাক ধূলিসাৎ কৰা
হত্যকাৰী কৌৰৱ
সেই দিনা ৰাতি
ফেঁচা জনীয়ে আহত জোপাত বৰ কান্দিছিল,
কুকুৰটোৱেও ৰাউচি জুৰিছিল দীঘলীয়াকৈ
সেই যে আমাৰ ক'লা মেকুৰিটো
সিও কিছুমান বিকট চিঞৰেৰে
পৰিবেশটো জয়াল কৰিছিল,
কি হৈছিল জানো!
মোৰো কিবা কিবি লাগিছিল গাটো
গৰম নে ঠাণ্ডা,
মোৰটোও বিষাই মাজে মাজে
মোৰ উশাহ টো ঘণ হৈছে বুজিছা
তুমি কিন্তু ...'ৰা ...'ৰা আৰু ...'ৰা
লাহে লাহে পুৰণি কথা বোৰ মনলৈ আহিছে
সেই যে মায়ে সাধু কৈ শুৱাইছিল
সুখৰ দুখৰ কথা পতিছিল
হাঁহিছিল হঁহোৱাইছিল
দেউতাই মৰমেৰে শাসন কৰিছিল
ভৱিষ্যতৰ সপোনবোৰ আঁকিছিল
সকলো মনলৈ আহিছে,
হঠাৎ বুকুত প্ৰচণ্ড বিষ
মই স্তব্ধ, নিস্তেজ, নিমাত ।
সকলো গুচি যোৱাৰ দৰেই
ময়ো যাবগৈ লাগিব
তোমাৰ বুকুত আৰু বিষ সহ্য নহয় মোৰ
তোমাৰ দুচকুত চাব নোৱাৰোঁ সাগৰীয় মুকুতা
উশাহত মোক অনুভৱ নকৰিবাচোন
এতিয়া মই এটি মাথোঁ হুমুনিয়াহ ;
স্মৃতি বোৰ বালিৰ ডায়েৰি
লুতিয়াব নোৱাৰি পৃষ্টাবোৰ
কথা দিলোঁ
কথা দিলোঁ তোমাক
প্ৰতিটো নিশা তোমাক সপোনতে চুমা আঁকিম
নিশাবোৰ নিলাজ আছিল তেতিয়া
আৰু এতিয়াও নিলাজ
নীলাৰ আঁক-বাঁক
মাথোঁ নিলাজ নিশাৰ আলিংগন এতিয়া নাই
সকলো শেতা তুমি মই আৰু বালিয়া স্মৃতিবোৰ;
তেজে তেজে বগাবলৈ মোক অনুগ্ৰহ কৰি নক'বা
মোৰো তেজৰ টোপালবোৰে
এচপৰা শিলত শেলাই গজাইছে
ৰঙা বোৰ সেউজীয়া হৈছে
ৰাজস্বলা ধৰিত্ৰীত
ক্লেদাক্ত হুমুনিয়াহ
যি হুমুনিয়াহ তোমাৰ নিশ্বাসত আস্ফালিত;
তোমাৰ মাজত মোৰ অনুৰণিত সত্তা
আন্দোলিত চেতনা ,অগুৰুৱা ভাৱনা
এইবোৰ তুমি অনুভৱ কৰাই ছাগে!
বৰ্ষাৰ নিশা নিচ্ছুপ কান্দোনত থান বান হোৱা তোমাৰ একঠা সাৰুৱা হৃদয়,
কিমাননো অভিমান কৰিবা নথকা সত্তা এটা বিচাৰি
অভিযোগ বিহীন প্ৰেম হৈ
বৈ যাবটো নোৱাৰো তোমাৰ বুকুলৈ
তোমাৰ মনলৈ এক শুভাযাত্ৰ হৈ;
সকলো গুচি যোৱাৰ দৰেই
ময়ো যাবগৈ লাগিব
কিন্তু ৰ'বলে ময়ো বিচাৰোঁ
তোমাৰ কাষত তোমাৰ মাজত
অন্য এক প্ৰেমৰ অন্দোলন কৰি।।
এতিয়া মাথোঁ........
সেই আহঁত জোপাত
ফেঁচা জনীয়েও নকন্দা হ'ল
কুকুৰ টোৱেও ৰাউচি নোজুৰা হ'ল
মেকুৰিটোকো বিচাৰি পাবলৈ নাই
তুমি কিন্তু তেতিয়া নিজেই বুজিবা !
মই বিলিন হ'লো পোহৰত
হেৰাই গলোঁ ধূলিত
নিঃশব্দ হৈ আঁতৰি গ'লো
কোনোবা নিৰাকাৰ চুবুৰীত।
এদিন বাটত হঠাৎ লগ পায় সুধিছিলা
মোৰ ভাল নে? কেনে আছো মই?
মোৰ কাৰণে তুমি পুৰণি হ'লা নেকি?
কিছু নিৰৰ্থক প্ৰশ্ন
উগ্ৰতাৰে ক'লোঁ তোমাক
আৰে কেনেকৈ ভাল হ'ব!
কি দৰে ভাল হ'ব !
কাৰ পৰশত ভালে থাকিম মই!
তোমাৰ আশাত মই এতিয়াও
জীৱন জেইলৰ কয়দী
এতিয়াও বহি আছোঁ
এখন শুকান নদীৰ
মৃত সুঁতিৰ পাৰত
কেৱল তোমাৰ আশাত
তুমি আহিবা
সপোনৰ কাৰেঙ সাজি
মৰমেৰে বুৰাই দিবা,
চন্দ্ৰালী জোন জনীৰ
ৰূপোৱালী আভাক
চকুত সামৰি
ৰৈ আছোঁ
মাথোঁ ৰৈ আছোঁ,
আৰু তুমি সোধা
ভালনে মোৰ,
আৰে কেনেকৈ ভাল হ'ব !
মনৰ দাপোন ভাঙি
তেজেৰে মানস কেনভাচত
অস্তমিত সূৰুয আঁকিছো মই
প্ৰেমৰ বিহ পাণ কৰি বিধস্ত হৈ
জীৱনমূখী গীত গাইছোঁ মই,
এদিন বাটত লগ পায় সুধিলা
মোৰ ভাল নে? কেনে আছো মই?
মোৰ কাৰণে তুমি পুৰণি হ'লা নেকি?
তুমি পুৰণি নহয়
স্মৃতিৰ বালিচৰত
উঁইয়ে ধৰা ডায়েৰিৰ পাত
লোতিয়াই চাওঁ
তুমি আজিও নতুন
আচলতে
বুকু খনে মাত্ৰ উঠা নমা কৰিছে
আৰু জীয়াই আছোঁ মই ।
এদিন গুচি আহিম
মনে নিবিচাৰিলেও এদিন গুচি আহিম
আৰু কিমান দিন দুহাতৰ মুঠিত
বালি ধৰি ৰাখিম বা ৰাখিবা
কেঁচা মাটিৰ অপৈনত কলহ দুবাহুৰ আবেষ্টনীত নাথাকে........
মই অহা বাটটোৱে তোমাক ৰিঙিয়াই থাকিলেও
সেই বাটত তুমি খোজ নথ'বা
পদূলিৰ সেমেকা উচুপনি শুনিলেও
সেই উচুপনি নিচুকাবলৈ নাহিবা ,
মোৰ চৌহদৰ বতাহ আজি বিষাক্ত
যি বতাহ তোমাৰ হৃদয়ৰে আহিছিল।
ভাল পাইছিলোঁ তোমাক
বহু দিন সৰিয়হৰ হালধিয়াবোৰ
গাত ঘঁহিছিলো একেলগে
পাহাৰৰ সেউজীয়াবোৰ
উশাহত আঁকিছিলোঁ একেলগে
পি খাইছিলোঁ নৈৰ নীলা বোৰ,
বিমূৰ্ত নিশাৰ নীলা চাদৰৰ ভাঁজত আঁক বাঁক
ক্লান্ত দেহৰ সুঘ্ৰান অৱসাদ
সকলো বোৰেই মিছা আছিল;
প্ৰতাৰণা নে প্ৰয়োজন ঠিক বুজাব নোৱাৰোঁ
মাথোঁ ভঙা আইনাত সিচৰতি হৈ আছে
টুকুৰা টুকুৰ বিশ্বাস।
আজি আৰু তুমি বিশ্বাসৰ কথা নক'বা
গলিত লাভাত ছাঁই হ'ল আশা,
তুমি উভতি নোযোৱাৰ কাৰণ কি মই জানোঁ..…
কাৰণ তুমি চাব খোজা মোৰ শেষ
তুমি চাব খোজা মোৰ ক্লেশ
আৰু শুনিব খোজা
ভগ্ন হৃদয়ৰ অস্পষ্ট আৰ্তনাদ।
তোমাৰ প্ৰতাৰনাত
অহংকাৰী হ'লো
উচুপিছে আইয়ে
পিতাইও সোমাই পৰিছে
চিন্তাৰ আভোৰত,
অস্বক্লান্তত বহি
অস্তমিত সূৰুযক বুকুত বান্ধি বৈ যোৱা
বুঢ়া লুইতৰ জলৰাশিক চাই আছোঁ
নিমাতে নিতালে বৈ যাব সূৰুয
এন্ধাৰ নামিল
অচিনাকি চৰাই জনীৰ বিকট উৰুলি
উফ........
শেলুৱৈ ধৰিছে
মোৰ কেঁচা তেজেৰে তিতি থকা পাথৰ বোৰত
ঘাঁহ গজিছে
মোৰ শুকান হাড়ত,
তোমাক দেখিছিলোঁ আজি
লগত সেই জন কোন আছিল!
মোক অহংকাৰী হ'বলৈ
বাধ্য কৰা জন নে!
তুমি আজিও ৰঙাৰ আভোৰত আহিছিলা
মোৰ কাষেৰেই
লুইতত বিলিন হোৱা সূৰুজক
আঙুলিয়াই তেওঁক দেখুৱাইছিলা,
মোকতো দেখা নাছিলা ,
মই তাতেই বহি
তোমাক চাইছিলোঁ অস্বক্লান্তত,
আকাশত চিলনী কেইজনী দেখিছিলা!
সিহঁত মোৰ কাষৰলৈকেই আহিছিল
মোৰ কেঁচা তেজেৰে
তিতি থকা পাথৰ বোৰত ৰৈ
সিহঁতে মোক ভগাই লৈছিল
চাৰিও দিশে
জিৰ জিৰ শব্দ
ৰিব ৰিব বতাহ
আৰু......
স্তব্ধ অস্বক্লান্ত ।
তথাপিও আজি মই
কিন্তু তোমাক লৈ ব্যস্ত নহয়
মই আজি মুক্ত
সীমিত প্ৰতাৰিত প্ৰেমৰ সীমনা ভাঙি
ভৱিষ্যতৰ ৰঙীন সপোনৰ মালা গাঁঠি
মই আজি বিশ্ব নাগৰিক ।
কিন্তু হতভম্ব হৈছোঁ মই
ৰোগীয়া পৃথিৱী
ৰোগীয়া জননী
আৰু কম্পিত ত্ৰাসিত মনৱীয়তা
অস্তিত্বৰ কৰাল গৰাহত নিজস্বতা,
মানুহ আমি
সঁচা মিচাৰ আৱৰনেৰে মানুহ আমি
আমি জীৱ শ্ৰেষ্ঠ
অনুভৱী হৃদয়েৰে আমি জীৱ শ্ৰেষ্ঠ
আমি মানুহ
আমাৰ সুখ আছে
আমাৰ দুখ আছে
অভাৱ অভিযোগ আছে
আছে অনুভৱ অনুভূতি ,
প্ৰকৃতাৰ্থত এইবোৰ আছে বাবেই
আমি মানুহ
নে, মানুহ বাবেই এই বোৰ আছে
এক নুবুজা সাঁথৰ ;
শত শত জীৱনৰ অন্তত আমি মানুহ
কাৰোবাৰ দুখত দুখী হ'ব
বা সুখত সুখী হ'ব
কিয় নজনা হ'লো !
আনৰ দুখত সুখী
আনৰ সুখত দুখী
আমি স্বাৰ্থপৰ হ'লো;
বাৰে বাৰে মোৰ কল্পনাৰ পৃথিৱীলৈ
বৈ আহে খৰাং
উদ্ভ্ৰান্ত হয় মোৰ ভাল পোৱা
আধৰুৱা ঋতুৰ সমবেদনাত
ক্লেডাক্ত হয় সপোনৰ কাৰেঙ,
আজি আমাৰ জীৱনত
কাৰোবাৰ সময়ৰ অস্তিত্ব শূন্য
সময়ৰ প্ৰচণ্ড ইতিকিঙৰ কোবত
আমি বিবেক দংশিত বেশ্যা;
দেশে-দেশে, দেশ আছে
দৰিদ্ৰতাৰ গৰাহত দেশ
অনিদ্ৰা, অনাহাৰে কটায় ৰজনী
কত' জীৱন নিঃশেষ,
পেটত ভোক থাকিলে
চকুৰ টোপনি হেৰাই
শেতালীত মূৰ থৈ
আকাশৰ তৰা গনি যায়;
ফুটপাথৰ কাষত ডাষ্টবিন
ডাষ্টবিনত কুকুৰৰ লগত মানুহ
সমানে ভগাইছে খাদ্য
খাইছে অখাদ্য,
ছোমাালিয়াত দুৰ্ভিক্ষ হৈছিল
আজিও আছে দুৰ্ভিক্ষ
মনুষ্যত্ব আৰু মানৱীয়তাৰ দুৰ্ভিক্ষা,
মানুহ আহিছে
মানুহ গৈছে
মুখা পন্ধা বা নিপিন্ধা
ৰাজপথত দুৰ্ঘটনা
মৃত্যুৰে যুঁজিছে পথিকে
হাতত কেমেৰা লৈ
ভিন্ন ব্যক্তব্যৰে ভিন্ন লোক
পথিক কিজানি বাচিলেই হয়,
কিন্তু তেঁওৰ জীৱন তুচ্ছ
তেঁওৰ জীবন নগন্য
এটা কেমেৰাত জীৱন আৱদ্ধ;
বাৰে বাৰে মানৱীয়তাৰ নিলাম
মুক্ত মনে উৰিবলৈ চৰিবলৈ
ভয় কৰে জীৱকুলে
সিঁহতৰো পৰিয়াল থাকে
খাদ্যৰ আশাত ৰৈ থাকে পোৱালী
মাক কিন্তু আজি আমাৰেই খাদ্য হ'লহি,
মৃত জীৱৰ বুকুৱে দি
শত সহস্ৰ গাড়ী
সেই গাড়ীতেই আমাৰ যাত্ৰা মৃত্যু অভিমুখী;
এইয়া একবিংশ শতিকা
য'ত মূল্য কমিল মৰমৰ
মৃত্যু হ'ল সহজলভ্য,
মৃত্যু হৈছে জীৱনৰ
মৃত্যু হৈছে ঈশ্বৰৰ
আৰু মৃত্যু হৈছে মানৱীয়তা আৰু মনুষ্যত্বৰ;
আজিৰ মানুষ্যত্বৰ মৰিশালিৰ যাত্ৰা
সৌৱা চোৱা অহংকাৰি মৰিশালি,
নিয়তিৰ ফিৰিঙতিৰে খাণ্ডৱদাহ হৈ
উভালি পৰিল মানৱীয়তাৰ বৰগছ জোপা
নাথাকিল আৰু শীতল ছাঁ
নাথাকিল চৰাই কেইজনীৰ কাকলি
নাথাকিল ল'ৰাহঁতৰ ধেমালী
থাকিল মাত্ৰ শলিতাবিহীন চাকি এগচি,
নিজম পৰিল চাৰিআলিটো
য'ত বতাহজাকেও ক্ষন্তেক জিৰাইছিল
সেই জোপা বৰগছ উভালি পৰিল,
তুমি আৰু মই
কি কৰিম আমি
ইশ্বৰ, পূজা, নৈবদ্য ইত্যাদি
শাওনৰ মহাকালেশ্বৰ জাগ্ৰত হ'ব
ৰৌদ্ৰ অভিষেকেৰে ধৰণী কম্পিত হ'ব
লাহে লাহে কঁপি কঁপি
বৰগছৰ উদাত্ততা ম্লান হ'ল;
কি কৰিব পাৰিম আমি
কান্দিম, ব্ৰত খাতিম আৰু জানো.........
সাহসী হোৱা তুমি
বহু জনৰ খোঁজত
মৰহি যোৱা পদূলিৰ দুৱৰি কেইডালে
এতিয়া গৌৰৱৰে নাচিব
কিতাপ বোৰ ৰৈ থাকিব,
আলমাৰিৰ আইনাৰ মাজৰে
দূৰ'লৈ চায় ৰৈ থাকিব
কিজানিবা আহেই বৰগছৰ এছাতি বা
আৰু লুতিয়াই যায় এখিলা এখিলা কৈ
স্মৃতিৰ সাতোৰঙী পৃষ্ঠা,
উফ.......
বৰগছজোপা নোহোৱা হ'ল
চৰাই কেইজনী ক'লৈ গ'ল
ফাগুনৰ চঞ্চল পচোৱা জাকে কাক জোকাব
আৰু...
আৰু লৰাহঁতে.....
সময়ৰ চকনৈয়াত
উভালি পৰিল বৰগছ জোপা
শিলুৱা এন্ধাৰত হাঁউলি পৰিল বৰগছ জোপা
নাথাকিল আৰু শীতল ছাঁ
নাথাকিল চৰাই কেইজনীৰ কাকলি
নাথাকিল আৰু ল'ৰাহঁতৰ ধেমালী !!
শংকৰ দুৰ্ৱল খেতিয়ক
সামাজিক সাংসাৰিক হেঁচাত তেওঁ অৱস
সামাজিক ভাৱে প্ৰতাৰিত তেঁও,
তেঁওৰ চকুলৈ চালে বুজি
মানসিক ভাৱে কিমান জৰ্জৰিত তেঁও
মানৱ সমাজৰ অমানৱীয় আচৰণ
সহোদৰে শুহিলে শংকৰক
ভাতৃত্ব ক'ত
মানৱীয়তা ক'ত
সহানুভূতি ক'ত
ৰোগীয়া হ'ল শংকৰ
আৰু শেষত মৃত্যু
শংকৰৰ মৃত্যু হ'ল,
শংকৰে মৃত্যুৰ কথা জানিছিল
অভিমানী, স্বাভিমানী আছিল শংকৰ
কল্পনাৰ পৃথিৱীত সপোনৰ কাৰেঙত
পৰিবাৰলৈ বুলি
এখন শেষ চিঠি লিখিছিল শংকৰে
ৰানী
আজি বহু দিনেই হ'ল
তোমাক লগ নোপোৱা,
ভালে আছা নহয়?
বহু কথাই ক'বলৈ আছা তোমাক
ইয়াত থাকি বৰ বেয়া নালাগে,
চিনাকী অচিনাকী বহুতৰ লগত
এতিয়া মোৰ চিনাকী,
আই পিতাই মোৰ লগতেই আছে
তোমালোকৰ কথা সোধিয়েই থাকে,
শুনিছোঁ লালু হেনো আমাৰ নতুন অতিথি
হওক দিয়া
তাৰে মাজেৰেই মই তোমালোকৰ কাষলৈ যাম,
মাজে মাজে বৰ কষ্ট হয় জানা
অবুজ চকুহালে
তোমালোক কেইজনীকেই বিচাৰে,
ইমান বুজাঁও
নুবুজে জানা,
সোন...
বহু কষ্ট দিলোঁ ন', তোমালোকক!
দিমেই দিয়া চোন
নহ'লেনো মোৰ কোন আছে কোৱা!
বাৰু বাদ দিয়া
আমাৰ ডবা খেলৰ বৰ্ড খন আছে নে?
সেই খনেও ছাগে এতিয়া আৰাম পায় ন'
নহ'লে তুমি আৰু মই সেইখনক
নিশা তিনি বজালৈ যিহে আশান্তি কৰিছিলোঁ,
মনত পৰে জানা সেইবোৰ
উভতি যাবলৈ মন যায়,
সোনজনী,
বহু জনা নজনা মানুহ লগ পাইছোঁ ইয়াত
কিন্তু.....
কিন্তু অকলসৰীয়া মই
"হেৰা", "দেতা" বুলি মাতিবলৈ যে
ইয়াত কোনো নাই,
আজি মোৰ কলিজাৰ কেঁচা তেজ স্তিমিত
নিস্তব্ধ,নিমাত,নিতাল
মোৰ শত শত কিতাপৰ
স্মৃতিৰ পৃষ্টা আৰু লুতিয়াব নোৱাৰোঁ
নোৱাৰোঁ মই তোমাৰ সৈতে গোপনে জীয়াব
শিলুৱা এন্ধাৰত বাগৰি পৰি
মই আজি বৌধিৰ, স্তব্ধ আৰু বাক ৰূদ্ধ,
সমাজিক বান্ধোন
সহোদৰৰ প্ৰতাৰনা
সময়ৰ জটিলতা
ইতিকিংৰ খিলখিলনি
পৰিস্থিতিৰ উপহাস
এই বোৰৰ পৰা মই মুক্ত,
ৰানী
বগা সাজ নিপিন্ধিবা
কপাল উকা নকৰিবা
সমাজৰ আগত নতশীৰে নৰ'বা।
বহু চিঠি লিখিলোঁ তোমালে
প্ৰেমৰ, ভালপোৱাৰ, বিশ্বাসৰ
বহু প্ৰশ্নৰ উত্তৰো পালোঁ,
আৰু আজি....
আজি এই খন চিঠিৰ উত্তৰ নিবিচাৰোঁ
এই খন মোৰ শেষ চিঠি,
মই কাঠৰ মাজত শুই
"ব্ৰহ্মা আদি কৰি" প্ৰাৰ্থনাৰে
পঞ্চভূতত লীন হ'লো
সোঁৱৰণী হ'লো
স্মৃতি হ'লো
আজি মই কিতাপৰ পৃষ্টাত বন্দী হৈ
উত্তাল, বিপ্লৱী আৰু শৈল্পীক ইতিহাস হ'লো ।
এইদৰেই শত সহস্ৰ শংকৰৰ মৃত্যু হ'ল
জীয়াই থকাৰ হেঁপাহ বুকুত বান্ধি
কত' কত' শংকৰ গুচি গ'ল;
সাৰুৱা সপোনৰ আঙুলিত ধৰি
বোকা বোৰত খেলিবলে শংকৰৰ দৰে কৃষক সকল ৰৈ আছে
বোকা বোৰে কুঁহিপাতৰ সাধু কয়
ফেনেকি গচকি লাহে লাহে সপোন বোৰ সেউজীয়া হয়,
বৰষুণত তিতা, ৰ'দত শুকোৱা সপোন বোৰত
সোণ লাগে লাহে লাহে
চপৰা চপৰ সোণ,
সেই সোণালী সপোনে জিৰ জিৰ শব্দ কৰে
সেই শব্দ, বোকাৰ পৰা আঁতৰি যোৱাৰ শব্দ
সেই সোণালী সপোনে হুৰ হুৰ শব্দ কৰে
সেই শব্দ বানত বৈ যোৱাৰ শব্দ,
মই দূৰৈত ৰৈ চাই থাকোঁ এইবোৰ
সপোন, বোকা, সোন, বান সকলোবোৰ
এৰি দিঁও লাহে লাহে কাগজৰ নাঁও কোনো দিশত
সপোন নাই
ৰং নাই
একো নাই
বুটলিবলৈ শেতা সপোন বা হাঁহিৰ কোঁহ এটিও নাই
মাথোঁ এন্ধাৰত কৃষকৰ কম্পিত ওঁঠ কেইযোৰ
কিবা ভঙা মৰিশালিৰ দৰে লাগে।
উফ......
আজি যদি শ্ৰীকৃষ্ণৰ জন্ম হ'ল হেতেন
চিনিব পাৰিল হেতেন নে
এই খনেই তেঁওৰ দ্বাৰকা
গকুল অথবা মথুৰা
নিশ্চয় আচৰিত হ'ল হেতেন তেঁও
ফুটপাথ হ'ল ৰম্যভূমি
জিৰনী চৰা হ'ল ৰাজ প্ৰসাদ
খাবলৈ খাদ্য নাই
মৰাশ' ৰ পাহাৰ
মৃতকৰ ব্যৱসায়
পুৰোহিতৰ দান দক্ষিনা,
অস্বস্তিত শ্ৰীকৃষ্ণ
ক'ত হেৰাল স্বৰ্ণ ভাণ্ডাৰ
ক'ত হেৰাল মানুহৰ বাবে মানুহ
ছিঃ হ'বই নোৱাৰে
হ'বই নোৱাৰে এই খন দ্বাৰকা
গকুল অথবা মথুৰা
হত্যা, হিংসা, ব্যভিচাৰী দুনীয়া;
কিছু পিছোৱাই গ'ল শ্ৰীকৃষ্ণ
ৰাম ৰাজ্য চালেগৈ
সত্য, সুন্দৰ আৰু শিৱম
তাতোটো নাছিল
আজিৰ অৰিয়াঅৰি
এইয়াই একবিংশ শতিকা;
এই শতিকাৰেই দুৱাৰ মূখত
তেজপিয়া মানুহৰ ঘৃননীয় চিঞৰ
অস্তিত্ব ক'ত
নিজস্বতা ক'ত
নিজৰ বুলিবলৈ একোৱেই নাই
সিঁহত পোহনীয়া মানুহ,
জাতি যাওঁ যাওঁ
মাটি যাঁও যাঁও
নিজৰ ঘৰ খন বিক্ৰী কৰা
সিঁহত বিষাক্ত মানুহ
মানুহ দেখিছোঁ
বহু মানুহ দেখিছোঁ
তহঁতক কিহেৰে স্ৰজিলে
না মান না সন্মান
একোৱেই নাই
মাত্ৰ তেজৰ চলাচল
কম্পিত হৃদস্পন্দন,
বহু জনৰ কেঁচা তেজৰে
অসমৰ মাটি সেমেকা
সংগ্ৰামী জীয়ৰিৰ উদাত্ত চিঞৰ
মদৰ নিচাত মাতাল ডেকা
ঘৰৰ ভিতৰত নিৰ্লজ বৰমতা,
জাতীয় আৱেগেৰে আহ্লাদিত
আমাৰ ৰঙা কলিজাৰ কেঁচা তেজ
মোগলৰ হেঁচাত তঁহতে
সেই তেজেৰেই দেৱালত লিখিছ
আইক উদঙাই দিছোঁ
আহ বিদেশী
কৰ ধ্বংস, চেপি খা তেজ
জাতি মাটি ভেটি সকলো শেষ,
শত শত জনৰ মৰাশৰ
মঞ্চত উঠি ৰাজনীতি কৰি
কিমান আৰু তললৈ যোৱা দেখিম তেওঁলোকক!
আন্দোলন আন্দোলন আন্দোলন
শত সহস্ৰ আন্দোলন
গুলিয়া গুলি, ব্লেংক ফায়াৰ,
কন্দোৱা গেছ, লাঠি চাৰ্জ
"কা" আমি নামানো
"কা" আমাক নালাগে
শ্ল'গান বাজিল, শ্ল'গানত জননী কঁপিল
গৰ্ভস্থ ভ্ৰূণ এটাইও
জাতিৰ বাবে কান্দি উঠিল
আৰু তেওঁলোক.....
ছিঃ !
ক্লেদাক্ত অতীত
ক্লেদাক্ত বৰ্তমান
ক্লেদাক্ত ভৱিষ্যৎ
কাৰণ স্বৰ্থপৰ পৃথিৱী,
জীয়াই থকাৰ স্বাৰ্থত কাৰোবাক হত্যা
ভাল দেখুৱাৰ স্বাৰ্থত কাৰোবাক মিথ্যা
ঠাট্টা, হিংসা, ব্যভিচাৰ
ধূলিসাৎ মানৱীয়তা,
স্বাৰ্থ আছে বাবেই পিতৃ-মাতৃ
স্বাৰ্থ আছে বাবেই বাই-ভনী
স্বাৰ্থ আছে বাবেই নীলাখামৰ চিঠি
স্বাৰ্থ শেষ......
সৱ ছাল্লা মহৎ লোকৰ বাণী,
পুনৰ ৰজা হ'ল হেনো অশ্বত্থামা
কপালত প্ৰতাৰণা নামেৰে
আমৰণ গেলা ঘাঁ
নিগৰি নিগৰি বৈছে
অশান্তিকৰ সোঁৱৰনি
প্ৰকৃততে সেই প্ৰস্তাৱনাই আছিল
অপ্ৰত্যাশিত ব্ৰক্ষ্মাস্ত্ৰ
আৰু আমি....
অভিশপ্ত হ'লো অামি
শ্ৰীকৃষ্ণ কোন আমি নাজানো
অজান প্ৰস্তাৱনাত
উত্তৰা আঘাত প্ৰাপ্ত
আমি অভিশপ্ত,
কিন্তু শেষ হ'ব
ৰাজনীতিজ্ঞৰ যদু বংশ।
পিছে কোন আমি!
পাক লগা বাটবোৰত
আমাৰ চিধাচিধি খোঁজ,
সপোন বোৰো খেলি মেলি
কেতিয়াবা ডাঙৰ,
পৰিস্থিতিৰ খুন্দাত কেতিয়াবা সৰু
খাবলৈ দুমুঠি ভাত আমাৰ আছে
শুবলৈ বিচনা
আৰু থাকিবলৈ ঘৰো আছে,
স্বৰ্গ চুই চোৱাৰ সপোন
কিন্তু পকেট খালী
কোন আমি!
ফুটপাথ নহয় আমাৰ ৰম্যভূমি।
আনক দেখি
আমাৰ চকুৰ জ্বলন
আনক বুজি
আমাৰ নিজৰ মৰণ
খাব নোৱাৰি পেলাইছো খাদ্য
দেখুৱাবলৈ বজাইছো বাদ্য
কৌটিৰ ঘৰত মৰিছে মানুহ
খাইছে অখাদ্য
মৃতকক সন্মূখত লৈ
সমাজৰ উলংগ নৃত্য,
বেমাৰ হৈছে সমাজৰ
বিষাক্ত মানসিকতা
ক্লেদাক্ত চিন্তাধাৰা,
সি দুখীয়া কাৰণেই
খেতি কৰিছে
ধনী বোৰে কিনি খাইছে,
তাই ৰিক্সাৱালাৰ ছোৱালী
সপোন দেখিব নোৱাৰে
সপোন আঁকিব নোৱাৰে
হাঁহিলে আমাৰ জগৰ লাগে
কান্দিলে হাঁহি উঠে,
তাই কিন্তু বেয়া নহয়
বৰ বেয়া নহ'ব
ছিঃ
সময়ৰ পংকিল জোঁকাৰনিত
মানৱীয়তাৰ ধূলিসাৎ,
সৃষ্টিৰ লাস্যময়ী নতুনত্বৰ ধবজ্জা
নাৰীত্ব
তুমি দুৰ্বল নহয়
নহয় তুমি ধৰ্ষিতা
তুমি স্ৰজনৰ অলংকাৰি মুকুতা
নাৰী,
তুমি নহয় অভিশপ্ত
মাতৃ, ভগ্নী, পত্নী তুমি শতৰূপা জননী
তুমি নৈ
এখন বোৱতি নৈ
ৰিমি ঝিমি কৈ বৈ যোৱা
দুখৰ ভৰত কোঙা হৈও
দিব পাৰা
জীয়াই থকাৰ গান
নাৰীত্বৰ সৰগীয়া স্বাভিমান,
সৌৱা চোৱা মহাকাশ
শূণ্যতাৰ মাজত নাৰীত্ববাদ
সৌৱা চোৱা মহাশৃংগ
সতীৰ পদ চালনাত শুভ্ৰ ৰংগমঞ্চ,
আচলতে নাৰীত্বৰো আছে
এক পৃথক বক্তব্য
মান অভিমান স্বাভিমানৰ
অনন্য এক ব্যক্তিত্বৰ বক্তব্য
তোমাৰ বুকুত মুখ থৈ য়ে
প্ৰতিবাদী কান্দোন সামৰিছিলোঁ
তোমাৰ ওঁঠৰ কম্পন দেখি দেখিয়েই
ভাষা জননীক বুজিছিলোঁ
আৰু....
আৰু তুমিয়েই টো শিকাইছিলা
শুকান ফাগুনক চঞ্চলা বুলি মাতিবলৈ
নিশাৰ এন্ধাৰত মুকুতা বিচাৰিছিলোঁ
বৰষুনৰ লগত একাত্ম হ'বলৈ
তুমিয়েইটো শিকাইছিলা,
আচলতে নাৰীত্বৰ সৰগীয় মূল্য
নমনীয় ব্যক্তিত্বৰ বক্তব্য;
আজি সেই নাৰীৰেই
পংকিল সময়
বিষাক্ত হ'ল মানসিকতা,
আজি আমি
এটকীয়া পৃথিৱীৰ সভ্য
সেই নাৰীৰ দেহৰ কেঁচা তেজ
আমাৰ প্ৰিয়
বাৰে বাৰে খাঁও মাংস
মোৰ মাৰ, ভনীৰ কিমবা প্ৰেয়সীৰ,
স্বাধীনতা আমাৰ মিথ্যা
গনতন্ত্ৰ আমাৰ বোজা
নিশা বহু হ'ল ভনী
অকলে নাযাবি
দিন কাল বৰ বেয়া,
আচলতে!
আচলতে আমি পংগু
মানসিক ভাৱে আমি পংগু
নিশা হ'ল, বাই ভনীক খাম
চেপি চেপি তেজ খাম
নিমজ মঙহৰ সোৱাদ ল'ম
চেপি মোহাৰি হত্যা কৰিম
পুৱা প্ৰতিবাদ, ৰাজনীতি আৰু লাঠি চাৰ্জ
বিশ্বৰ বৃহৎ গনতন্ত্ৰ
আমি কিন্তু স্বাধীন
শুনিছেনে কুৰুবাহিনী
আমি কিন্তু স্বাধীন,
পূজা কৰিছোহে কৰিছো
ৰাজকোষৰ শ্ৰাদ্ধ পাতি
অনুস্থান পাতিছো, প্ৰতিস্থান পাতিছো
তথাপিতো....
তথাপিতো আমাৰ
মানসিক পংগুত্বৰ শেষ ক'ত?
জুই জ্বলিছে
হাজাৰ চিতাৰ জুইয়ে
আকাশ ক'লা কৰিছে
দিনৰ পিছত দিন ধৰি
নৰী জ্বলিছে
সেই নৰীৰে ভষ্মক অলংকাৰ কৰি
সাধু সন্যাসী, ৰাজনীতিক হৈছে,
ইয়াত সকলো হ'ব পাৰে
শ্ৰীকৃষ্ণক হাতী বুলি
বধ কৰিব পাৰে
ইতিহাসৰ ছাত্ৰ
অৰ্থনীতিক হ'ব পাৰে
ভাৰতক বিক্ৰী কৰি
ভাৰতকেই স্বাধীন কৰিবও পাৰে,
নাৰীৰ সতীত্ব ৰক্ষা বাহিৰে
ইয়াত সকলো হ'ব পাৰে।
কিন্তু.....
আমাৰ চকুত বেশ্যা বেয়া
কিয় বেয়া!
দেহ বেছে কাৰণে
নে শয্যা সংগী সলনি কৰে কাৰণে?
সিহঁত বেয়া
কাৰণ
আমি মুখা পিন্ধা ভদ্ৰলোক
পোহৰত সিহঁত ঘৃননীয়
এন্ধাৰত আমি গ্ৰাহক
সিহঁত লুভনীয়,
ছাল্লা
স্বাৰ্থপৰৰ পৃথিৱী
জাত পাতক লৈ ধৰ্ম
ফুটপাথত ৰাধা কৃষ্ণ
বহুতেই সুধিলে ঈশ্বৰ ইয়াত কিয়!
এই খনেই ৰাম ৰাজ্য
এই খনেই ভূ-স্বৰ্গ।
আজি আকাশ খন গোমা
বিশ্বাস, প্ৰতাৰণা
তেজ হৈ বৰষিব
নিমাতে নিতালে মই শুম
তেজেৰে তিতিব
শেলোৱই ধৰা শিল চপৰা,
তুমি ছাল্লা দেও লগা ছোৱালী
জাতি গ'ল মাটি গ'ল
ভাষা গ'ল আশা গ'ল
পূব গ'ল পশ্চিম গ'ল
তথাপি
তথাপি তুমি এটা কাপুৰুষক লৈ ব্যস্ত,
আন্দোলনৰ নামত জননী বিধস্ত
ধৰ্ণা, প্ৰটেষ্ট, অসম বন্ধ
ভৱিষ্যৎ হতাশগ্ৰষ্ট
অন্ধ নৱপ্ৰজন্ম
সময়ো আজি পথভ্ৰষ্ট
উফ...........
ইমানৰ পিছতো তুমি তাক লৈয়েই ব্যস্ত,
জাতিকলৈ তেঁওলোকৰ বিপ্লৱ
বাৰুদৰ চিঞাহীৰে স্বাধীনতা বিচাৰি
জননী ধ্বংসা সিহঁত সন্ত্ৰাসবাদী
স্বাধীনতাৰ নামত হত্যা
স্বাধীনতাৰ নামত হিংসা
স্বাধীনতাৰ নামত আইৰ বুকুত
সিহঁতৰ আৱতৰীয়া দেৱালী;
আৰু তুমি
তুমি ছাল্লা জনহিতাৰ্থে অসম আৰক্ষী,
কুৰুবাহীনৰ হাতৰ পুতলা জাতিদ্ৰোহী
আইৰ গাৰ কাপোৰ আঁতৰাই বিক্ৰী কৰা বিক্ৰেতাৰ হাতত আজি
জননি ৰক্ষাৰ বাঘজৰি
বিদেশী আহি চোতাল পালে
গোঁসানী কিন্তু তাক লৈয়ে স্বপ্নকুৱঁৰী,
আন্দোলন আন্দোলন আন্দোলন
হত্যা হিংসা চুৰি ডকাইতি ব্যভিচাৰ
আকৌ ৰাজ পথত চিঞৰিব
বাংলাদেশী বহিষ্কাৰ,
দামী গাড়ীত বহি
জাতি ৰক্ষা নহয়
আলিবাটত শ্ললগান
মুখত জননীৰ নাম
ৰাজপথ অৱৰোধ
আন্দোলনৰ নাটক কৰি
গছৰ ছাঁত খিচিৰি খাম ;
ছিঃ অসমীয়া ছিঃ
জননিৰ নামত আন্দোলন কৰোঁতে
লুইতত বালি পৰিল
বিদেশী হ'ল নেতা
আৰু অসমীয়া পংগু
অভ্ৰভেদী কাঞ্চনজংঘাও গ'ল গলি ।
তেওঁলোকৰ বাবেইটো আমি বিদ্ৰোহী
প্ৰতাৰণা, বঞ্চনা, ইতিকিঙৰ খিলখিলনি
আৰু আমি বিদ্ৰোহী,
ছে গুৱেভাৰাক সুধিছোঁ
বিদ্ৰোহ কি!
ৰাভাৰ আভাত বিচাৰিছোঁ
প্ৰতাৰণা আৰু বঞ্চণাৰ সংজ্ঞা,
নষ্টালজিক আমি তোমাক লৈ
সোনোৱালী সপোনৰ
চাকনৈয়াত সোমালোঁ
পথভ্ৰষ্ট আমি
নেওঁতা গুচি নাম্বাৰ হ'ল,
ভাষাৰ শ্ৰাদ্ধ পাতি
মৎস্য স্পৰ্শও হৈ গ'ল
শ্মশানত বহি চণ্ডালে খুঁচিছে অাইক
আমি নিমাত,
মাতিমেই বা কিয়
জাতি মাতি সকলোটো হ'লেই বিক্ৰী
বিদ্ৰোহী নহৈ কি কৰিম কোৱা,
কোনোবা ব্যস্ত ফেমেলি ষ্টেটাচত
আমি ব্যস্ত
গ্লেদিয়াটৰিয়েল ৱাৰ স্পাটাকাচৰ
নিশাৰ জোন জনীৰ তৰাৰ লগত হাঁহি
আমি ভিকহু ছাল্লা বেইমান প্ৰেমিক
ৱাৰ্লড ইকনমিৰ কথা ভাৱোঁতে
অসম হিষ্ট্ৰী শেষ
প্ৰেমৰ নামত কবিতা
নিয়তিৰ নিকৃষ্ট হিংসা
আৰে বিদ্ৰোহী নহৈ কি কৰিম কোৱা !
এটকীয়া চাউল
স্কুল হ'ল হোটেল
ফোটপাথ ৰম্যভূমি
আৰু কি বিচাৰিম ইয়াত
বানপানী, খৰাং, খেতিত পোক
কিন্তু চৰকাৰৰ দোষ,
ভাল পাওঁ তোমাক
হৃদয়ৰ সমষ্ট উজাৰি ভাল পাওঁ তোমাক
লুইত আস্ফালিত হ'ওকেই বা নহ'ওক
শৰীৰ প্ৰতি টোপাল তেজ
তোমাৰ বাবে আস্ফালিত,
নিশাৰ ৰম্যভূমিৰ বেশ্যা কেইজনীক সুধিবা
সিহঁত বেশ্যা কিয়!
সিহঁতৰ জাকৈয়া হাঁহি,চলাহি কথাৰ
বিকেক দংশনক সুধিবা
সিহঁত বেশ্যা কিয়!
উফ.......
এতিয়া কোৱা
আমি বিদ্ৰোহী নহৈ কি কৰিম!
স্বাধীনতা বাৰু কি?
নিজ জন্মভূমিত শোষিত হোৱা,
নে বিদেশীৰ আঁচলত ধৰি জাতি ৰক্ষাৰ
বাবে যুঁজ কৰা!
স্বৰাজৰ বাবে জীৱন দিয়া
নিজ মাতৃ ভগ্নীক কৰা
উলংগ ব্যভিচাৰৰ সাক্ষী হোৱা
এইয়াই নেকি স্বাধীনতা!
তথাকথিত স্বাধীনতা পালোঁ
স্বাধীনো হ'লো
দেশৰ কাৰণে
শ্বহীদ হ'ল বহু জন
স্বাধীনতাৰ বাবে
শ্বহীদ হ'ল কত জন
শত শত গান্ধী
বসু, সিং শ্বহীদ হ'ল
কি পালে তেওঁলো
- Author: abinash@assam ( Offline)
- Published: August 22nd, 2023 06:09
- Category: Unclassified
- Views: 2
To be able to comment and rate this poem, you must be registered. Register here or if you are already registered, login here.